Skip to main content

ডায়েবেটিক সকলৰ বাবে দহ বিধ তিতা খাদ্য | 10 Bitter Foods That Are Good For Diabetics

তিতা খাদ্য ডায়েবেটিক ৰোগীৰ বাবে উত্তম বুলি ধৰা হয় কাৰণ তিতা খাদ্যই তেজত থকা চেনিৰ পৰিমান প্ৰাকৃতিক ভাৱে হ্ৰাস কৰাত সহায় কৰে |তলত দহ বিধ অসমত উপলব্ধ তিতা পাচলিৰ এখন সূচী দিয়া হৈছে | এই তিতা খাদ্যবোৰ ডায়েবেটিক সকলে তেওঁলোকৰ খাদ্য তালিকাত অন্তভূক্ত কৰিলে ডায়েবেটিত ৰোধ কৰাত প্ৰাকৃতিক ভাবে সক্ষম হব পাৰি|

01. তিতা কেৰেলা :

তিতা বুলি কলেই প্ৰথমে মনলৈ কেৱল এবিধ পাচলিৰ কথা হে আহে 'তিতা কেৰেলা', নহয় জানো |তিতা কেৰেলাত এবিধ ইনচুলিনৰ দ্বৰে যৌগিক পদাৰ্থ থাকে যাক কোৱা হয় Polypeptide-p বা p-insulin যিয়ে ডায়েবেটিক প্ৰাকৃতিক ভাবে ৰোধ কৰাত সহায় কৰে | সেয়েহে তিতা কেৰেলাক ডায়েবেটিক ৰোগী সকলে নিজৰ খাদ্য তালিকাত অন্তভূক্ত কৰিব লাগে |  তিতা কেৰেলাক পিটিকা বনাই, ভাজি বা জুচ বনায়ো খাব পাৰি|

02. বেত গাজ :

 বেত গাজৰ ভিতৰৰ কোমলীয়া বগা অংশ পাচলি হিচাপে খোৱা হয় | তিতা হোৱাৰ বাবে ডায়েবেটিক সকলৰ বাবে উপযোগী | ইয়াক আলুৰ লগত ভাজি বা পিটিকা কৰি খোৱা হয় |

Recipes of Bet Gaaj (click)

03. তিতা মৰা :

 বেত গাজৰ ভিতৰৰ কোমলীয়া বগা অংশ পাচলি হিচাপে খোৱা হয় | তিতা হোৱাৰ বাবে ডায়েবেটিক সকলৰ বাবে উপযোগী | ইয়াক আলুৰ লগত ভাজি বা পিটিকা কৰি খোৱা হয় |

তিতা মৰা খাবলৈ বৰ বেছি তিতা নহয় | ইয়াক সাধাৰনতে গাঁঠি মাৰি বনোৱাৰ নিয়ম আছে | এই শাক দাইলত দি, তেলত ভাজি বা বেচনত লেতিয়াই বড় বনাই খাবলৈ বৰ সোৱাদ হয়|

Stir Fried Titamora (click)

04. তিতা ফুল :

তিতা ফুলক বাহক তিতা বা ৰঙা বাহক বুলিও জনা যায়| তিতা ফুলক খাৰ বনাই, আলুৰ লগত ভাজি বা পিটিকা কৰিও  খাব পাৰি | তিতা হোৱাৰ বাবে প্ৰাকৃতিক ভাবে তেজত চেনিৰ পৰিমানৰ মাত্ৰা সমান ৰখাত ই সহায় কৰে |

Stir Fried Titaphool (click) 

05. শেৱালী ফুল :

সাধাৰনতে দূৰ্গা পূজাৰ সময়তহে শেৱালী ফুল ফুলে আৰু এই ফুলক হিন্দু পৌৰাণীক গ্ৰন্থত পাৰিজাত ফুল বুলি উল্লেখ আছে | শেৱালী ফুল খাবলৈ তিতা আৰু ইয়াক সাধাৰনতে শুকুৱাই ৰখা হয়| শেৱালী ফুলক আলুৰ লগত ভাজি খাব পাৰি আৰু শুকোৱাই থোৱা শেৱালী ফুল খাৰ বনাই বা মাছৰ লগত খাব পাৰি |

Recipes of Shewali phool (click)

06. শেৱালীৰ পাত :

শেৱালী ফুলৰ দৰে শেৱালীৰ পাতো খাব পাৰি | যথেষ্ট তিতা হোৱাৰ বাৰে শেৱালীৰ পাত ডায়েবেটিক সকলৰ বাবে উপকাৰী | ইয়াক সাধাৰনতে বেচনত লেতিয়াই বড় বনাই ভাতৰ লগত পৰিবেশন কৰা হয় |

Sewali Pator Bor (click)

07. নেফাফু :

East India glory bower, Clerodendrum colebrookianum or nephaphu  is a medicinal plant found in Assam. The taste of nephaphu is bitter and is used as a vegetable in Assamese cuisine.

নেফাফু এবিধ তিতা শাক | ইয়াক সাধাৰনতে বইল কৰি পিটিকা কৰি বা আলুৰ লগত তেলত ভাজি খোৱা হয়|নেফাফুৰ বৈজ্ঞানিক নাম হৈছে Clerodendrum colebrookianum| ডায়েবেটিক সকলক বাবে অতি উত্তম এই শাক|

08. নিম পাত :

নিম পাত যথেষ্ট তিতা যদিও ইয়াত তেলত ভাজি বা বেচনত লেতিয়াই কম পৰিমানে খাব পাৰি| নিম পাত স্বাস্থ্যৰ বাবে বৰ উপকাৰী আৰু ইয়াক ছাল আৰু চুলিৰ যতনৰ বাবে ব্যৱহাৰ কৰা হয় | তিতা হোৱা বাবে ই প্ৰাকৃতিক ভাবে তেজৰ চেনিৰ মাত্ৰাৰ সন্তুলন বজাই

নিম পাত যথেষ্ট তিতা যদিও ইয়াত তেলত ভাজি বা বেচনত লেতিয়াই কম পৰিমানে খাব পাৰি| নিম পাত স্বাস্থ্যৰ বাবে বৰ উপকাৰী আৰু ইয়াক ছাল আৰু চুলিৰ যতনৰ বাবে ব্যৱহাৰ কৰা হয় | তিতা হোৱা বাবে ই প্ৰাকৃতিক ভাবে তেজৰ চেনিৰ মাত্ৰাৰ সন্তুলন বজাই ৰখাত সহায় কৰে |

Neem Leaves Fritters (click)

09. মিথি শাক :

মিথি শাক আৰু মিথি গুটি ভাৰতীয় ৰন্ধনশৈলীত অতিজৰে পৰা ব্যবহাৰ হৈ আহিছে | মিথি শাকৰ সোৱাদ তিতা যদিও ইয়াক ভাজি খালে বৰ সোৱাদ হয়| তিতা হোৱাৰ বাবে ই ডায়েবেটিকৰ বাবে উপকাৰী|

Methi Bhaji (click)

10. তিতা ভেকুৰী :

তিতা ভেকুৰীক হাতী ভেকুৰী বুলিও কোৱা হয় |ই এবিধ গুটিৰ দৰে আৰু ভিতৰত বহুতো বীজ থাকে|কেচাটে সেউজীয়া আৰু পকিলে হালধীয়া বৰণৰ হয়|ইয়াৰ সোৱাদ তিতা যদিও পিটিকা কৰি খাৱলৈ বৰ সোৱাদ হয়| ইয়াক তেলত ভাজিও খাব পাৰি| হাতী ভেকুৰি ডায়েবেটিক ৰোগীৰ বাবে উপকাৰী হোৱাৰ লগতে ই এনিমিয়া, মহিলাসকলক মাহেকিয়া সমস্যা আৰু পেটৰ পেলু ইত্যাদি দূৰ কৰাত সহায়ক হয়|

Tita Bhakuri Pitika (click)

* ওপৰত উল্লেখ কৰা খাদ্য সমূহ কোনো ডাক্তৰৰে দিয়া পৰামৰ্শ নহয়, ই কেৱল এখন তিতা খাদ্যৰ সূচীহে |  

Comments

Popular posts from this blog

List of Vegetables used in Assamese Cuisine with their English name.

List of Fruits found in Assam with their English Names

Green Tomato Pickle

Assamese Style Mati Mahor Dail | Black Gram with Papaya and Ginger Leaves

SalemMango: Pure Buffalo Ghee and Pure Cow Ghee Review

Kasuri Methi Chicken Curry | Chicken Curry Recipe With Dried Fenugreek Leaves

30 Assamese Pitika Recipes

Mamoi Tamul (Chrysalidocarpus lutescens)

Difference Between Baking Powder and Baking Soda

Preserved Lemons With Salt | Nimokhot Diya Gul Nemu