Posts

আলু পিটিকা : Aloo Pitika (Mashed potatoes recipe in Assamese)

আলু পিটিকা একেবাৰে সহজ এটি ৰেচিপি| আপোনাৰ যদি বনাবলৈ সময় নাই বা আপুনি যদি এজন অকলশৰে থকা পুৰুষ, তেনেহলে কথাই নাই, ভাততে আলু এটি দিয়ক আৰু তৃপ্তিৰে ভাত সাঁজ খাওঁক, নহয় জানো ? কিন্তু এই আলু পিটিকা যে কেৱল অসমীয়া সকলেহে খায় তেনে নহয়| ইংৰাজ বা আমেৰিকান সকলৰো প্ৰিয় এই আলু পিটিকা বা mashed potato. কিন্তু তেওঁলোকে বনোৱা আলু পিটিকা আৰু অসমীয়া আলু পিটিকাৰ মাজত পাৰ্থক্য আছে| ইংৰাজ বা আমেৰিকান সকলে বনোৱা আলু পিটিকাত মাখন বা বাটাৰ, গাখীৰ আৰু ক্ৰিম মিহলাই খায়| কিন্তু আমি অসমীয়া সকলে নিমখ, পিয়াজ, জলকীয়া আৰু মিঠাতেল দি সানি খাওঁ| আমাৰ দৰে বিহাৰী সকলেও আলু পিটিকা খায় আৰু তেওঁলোকে ইয়াক আলু চৌখা বুলি কয় |

অসমীয়া ৰন্ধন শৈলীত মিঠাতেলৰ ব্যবহাৰ অপৰিহায্য|  প্ৰত্যোক ৰন্ধন কাৰ্য্যতে মিঠাতেল ব্যৱহাৰ হয়| মিঠাতেল যিহেতু কেঁচাকৈয়ো খাব পাৰি, ইয়াক পিটিকা বা চাটনি আদিতো ব্যৱহাৰ কৰা হয়|

অসমীয়া আলু পিটিকাত সাধাৰনতে কেচা তেল আৰু  কেচা পিয়াজ দি বনোৱা হয়| কিন্তু কেচা পিয়াজ খোৱাৰ ফলত মূখ খন গোন্ধাব পাৰে |তাৰ উপৰিও কেচা নিমখ খোৱাতো স্বাস্থ্যৰ বাবে ভাল নহবও পাৰে| সেয়েহে মই আলু পিটিকা বনালে সাধাৰনতে এখন কেৰাহীত মিঠাতেল গৰম ক…

Chef's Knife : The Most Essential Kitchen Tool

Spicy Potato Curry Recipe

Simple and Easy Indian Style Raw Vegetable Salad

Stir Fried Baby Potatoes with Titaphool