Skip to main content

WordPress ত ফুড ব্লগ এটা কিদৰে খুলিব (How to create a food blog on WordPress)


WordPress ক ব্লগিংৰ ক্ষেত্ৰত সকলোতকৈ উত্তম মাধ্যম বুলি গন্য কৰা হয়| ইয়াৰ লগতে wordpress হৈছে ব্লগিংৰ ক্ষেত্ৰত সকলোতকৈ জনপ্ৰিয় | দুহেজাৰ তিনি চনত আৰম্ভ কৰা এই ব্লগিং মাধ্যমতোৰে বৰ্তমান ইনটাৰনেটৰ 30% তকৈয়ো অধিক ৱেৱচাইট আছে |
আপুনি যদি নতুনকৈ খাদ্যৰ ব্লগ বা ফুড ব্লগ এটা খুলিব বিছাৰে তেনেহলে মাধ্যম হিচাপে WordPress বাচি লব পাৰে |

 ফুড ব্লগ মানে কি জানিবলৈ ইয়াত ক্লিক কৰক

নতুন ব্লগাৰে WordPressত ব্লগ খুলিব বিছাৰিলে প্ৰথমতে বিভ্ৰান্ত হব লগা হয় WordPress.com  আৰু WordPress.org ৰ মাজত | কোনটোত ব্লগ খুলিব?

WordPress.com আৰু WordPress.org ৰ মাজৰ কিছুমান বিভেদ আছে|

WordPress.com  আৰু WordPress.org  দুটা বেলেগ মাধ্যম আৰু নতুন ব্লগাৰে প্ৰথমতে এই বিভেদ ধৰিব নোৱাৰি ভুল কৰা দেখা যায় |

WordPress.org

WordPress.org  হৈছে সবাতোকৈ জনপ্ৰিয় ব্লগিং মাধ্যম | ই হৈছে এটা self hosted  ব্লগিং মাধ্যম | এই মাধ্যমত ব্লগিং কৰিলে ব্লগৰ সম্পূৰ্ণ স্বতাধিকাৰ আপোনাৰ ওচৰত থাকে| এনে ব্লগৰ দ্বাৰা বিজ্ঞাপনৰে অৰ্থ উপাৰ্জন কৰিব পাৰি আৰু এই উপাৰ্জনৰ অংশ কাৰোৰে লগত ভাগবতৰা কৰিব লগীয়া নহয়|

WordPress  এটা বিনামূলীয়া ব্লগিং মাধ্যম কিন্তু ব্লগৰ domain name  আৰু hosting  আপুনি ক্ৰয় কৰিব লাগে|

Domain name  মানে কি?
Domain name হৈছে ইনটাৰনেটত আপোনাৰ ব্লগ বা ৱেবচাইটৰ ঠিকনা যি টো ঠিকনা আপোনাৰ ব্লগৰ পঢ়ুৱৈয়ে ব্ৰাউজাৰত বিচাৰি উলিয়াব লাগে| উদাহৰন স্বৰূপে rumicooks.com.

Hosting  মানে কি?
Hosting  হৈছে ব্লগ বা ৱেবচাইটৰ ঘৰ|

Domain name আৰু hosting কৰ পৰা কিনিব?
Domain name আৰু hosting কিনাৰ বহু মাধ্যম আছে আৰু তাৰ ভিতৰত Bluehost বা GoDaddy বাচি লব পাৰে|

WordPress.com

Wordspress.com  হৈছে এটা hosting service আৰু ইয়াৰ পাচঁ ধৰনৰ plan আছে|
• Free - সিমিত
• Personal - $48 বছেৰকত
• Premium - $96 বছৰেকত
• Business - $300 বছৰেকত
• E-commerce - $540 বছৰেকত
• VIP - $5000 পৰা আৰম্ভ মাহেকত

যি সকলে কেবল হবি হিচাপে ব্লগ কৰিব বিছাৰে তেওঁলোকৰ কাৰনে বিনামূলীয়া(Free)  WordPress  এটা ভাল মাধ্যম, কিন্তু এনে বিনামূলীয়া ব্লগত WordPress  এ তেওঁলোকৰ নিজা বিজ্ঞাপন প্ৰদৰ্শন কৰে যাৰ বিনিময়ত ব্লগাৰত কোনো অৰ্থ প্ৰদান নকৰে| এনে বিজ্ঞাপনৰ পৰা মুক্ত পাবলৈ ব্লগটো upgrade  কৰিব পাৰে যিকোনো এটা প্লেনলৈ য'ত বছৰেকত দিব লগীয়া অৰ্থ $48 পৰা আৰম্ভ হয়|
(পৰবৰ্তী পষ্ট অন্য অটি ব্লগিং মাধ্যমৰ বিষয়ে পাব)



Comments