Skip to main content

বিস্কুটৰ কেক | Biscuit Cake Recipe in Assamese

Biscuit cake recipe for beginners

এই ৰেচিপিটো ইংৰাজীতো উপলব্ধ (ক্লিক কৰিব)

বিস্কুটৰ কেক এটি অতি সহজ কেকৰ ৰেচিপি| নতুনকৈ কেক বনাবলৈ শিকা সকলৰ বাবে ই এটা সহজ ৰেচিপি| এই কেক বনাবলৈ যি কোনো বিস্কুট লব পাৰে| সকলোতকৈ ভাল কথাটো হৈছে এই কেক ৰৈ যোৱা বিস্কুটৰ গুৰিৰ পৰাও বনাব পাৰি| আমাৰ সকলোৰে বিস্কুট থোৱা টেমাটোৰ তলত বিস্কুটৰ ভঙা টুকুৰাৰ লগতে গুৰি বহুতো ৰৈ যায়, নহয়নে ? মই সেই গুৰিৰে এই কেক বনালো| আপোনালোকেও বনাব পাৰে| ৰেচিপি অতি সহজ| তলত ৰেচিপি দিলো -

বিস্কুটৰ কেক | Biscuit Cake Recipe in Assamese 


📎Course : Dessert 
📎Cuisine : Continental 
🔪Preparation Time : 15 minutes
♨Cooking Time : 35 minutes
🕞Total : 50 minutes


INGREDIENTS:
  • 1 কাপ বিস্কুটৰ গুৰি বা টুকুৰা 
  • 1/2 কাপ ময়দা
  • 2 টা কণী
  • 1/2 কাপ গুৰি চেনি
  • 1/2 কাপ নিমখীয়া নোহোৱা বাটাৰ বা ৰিফাইন তেল
  • 1 টেবুল চামুচ ক'ক পাউদাৰ
  • 1 টেবুল চামুচ বেকিং পাউদাৰ
METHOD:
  1. বিস্কুটৰ টুকুৰাবোৰ ভালদৰে গ্ৰাইণ্ডাৰত মিহিকৈ পিচি লব|
  2. ডাঙৰ বাতি এটাত কণী ফেটি লব|
  3. বাটাৰ বা ৰিফাইন তেল দি ভালদৰে মিহলাই লব|
  4. এটিয়া বিস্কুটৰ গুৰি, ময়দা, বেকিং পাউদাৰ, চেনি আৰু ক'ক পাউদাৰ এবিধ এবিধকৈ ভালদৰে মিহলাই লব| চাব যাতে অকণো গোটা বান্ধি নাথাকে| 
  5. কেক বনোৱা পাত্ৰটো বাটাৰ বা তেল সানি লব|
  6. এটিয়া মিশ্ৰনখিন ঢালি দিব|
  7. আগতিয়াকৈ গৰম কৰি ৰখা অভেনত 180 ডিগ্ৰী টেমপ্ৰেচাৰত 30-35 মিনিট বেক কৰিব|
  8. অভেন নহলে প্ৰেচাৰ কুকাৰটো বেক কৰিব পাৰিব|

Comments

Popular posts from this blog

List of Vegetables used in Assamese Cuisine with their English name.

List of Fruits found in Assam with their English Names

Green Tomato Pickle

Assamese Style Mati Mahor Dail | Black Gram with Papaya and Ginger Leaves

SalemMango: Pure Buffalo Ghee and Pure Cow Ghee Review

Kasuri Methi Chicken Curry | Chicken Curry Recipe With Dried Fenugreek Leaves

30 Assamese Pitika Recipes

Mamoi Tamul (Chrysalidocarpus lutescens)

Difference Between Baking Powder and Baking Soda

Preserved Lemons With Salt | Nimokhot Diya Gul Nemu