নমস্কাৰ। মই আশীষ গগৈ। শিৱসাগৰ জিলাৰ নাজিৰাত মোৰ ঘৰ। মই সৰুসুৰা ব্যৱসায়ৰ দ্বাৰা বৰ্তমান নিজৰ জীৱিকা নিৰ্বাহ কৰি আছো। ৰন্ধাত চখ আছে। ৰান্ধি ভাল পাওঁ আৰু মানুহক খোৱাই ভাল পাওঁ। কিন্তু সেইবুলি খাই বৈ প্ৰশংসা নকৰিলে টিকিচকৈ খংটো উঠিয়েই আহে😂😂 সকলো পৰম্পৰাগত অসমীয়া ব্যঞ্জণেই মোৰ খুব প্ৰিয়। তথাপি আগস্থান দিওঁ সদায় বৰাহক। বৰাহৰ বিভিন্ন ব্যঞ্জণ ৰান্ধিবলৈ আৰু শিকিবলৈ মই সদায়েই আগ্ৰহী। লাইশাকৰ লগত বৰাহ বা গাহৰী মাংস মোৰ বৰ প্ৰিয় |
কিছুদিনৰ আগৰ কথা। পিয়াঁজৰ মূল্যই তেতিয়া ১৫০/ টকা পৰ্যন্ত চুইছেগৈ। সেই পিয়াঁজৰ আকাশলংঘী মূল্যবৃদ্ধিৰ দিনতে ফেচবুকৰ বিভিন্ন খাদ্যগোট সমূহত বিভিন্ন সদস্যই বিভিন্ন প্ৰকাৰৰ ৰেচিপি আগবঢ়াই আছে। কোনোবাই যদি মাছ ৰান্ধিছে তেন্তে আন কোনোবাই ৰান্ধিছে মাংস। সকলোৱে তামাম পিয়াঁজৰ ব্যৱহাৰ কৰিছে নিজ নিজ ৰেচিপি সমূহত। আমাৰনো কি আউ ন'? তেওঁলোক ধনী মানুহ বাবে পিয়াঁজ খাইছে। আমিবোৰেটো তেতিয়া পিয়াঁজ বুলি কল্পনা কৰি লৈ মূলাকে চোবাই দিওঁ মাজে মাজে। বেছি প্ৰয়োজন হ'লে বাৰীতে ৰুই লোৱা পিয়াঁজৰ নলকে শুঙি থৈ আহোগৈ। তথাপি বজাৰত পিয়াঁজ দেখিলে সেইফালে চকুৰে নাচাৱেই পায়! ইমান দাম ঐ। গাজা নে কি নাজানো,,শুনা কথাহে বন্ধু এজনৰ মুখেৰে ; মোৰ আন এজন ভাতৃসুলভ বন্ধুৰ (নামটো নকওঁ দেই) সৌ সিদিনা বোলে বিয়া থিক হ'ল। মানে তালৈ কোনো ছোৱালী বিয়াত বহিবলৈ ইচ্ছুক নহয়। কিন্তু হঠাতে পৰহি তাক উপযাচি ছোৱালী এজনীয়ে প্ৰপ'জ কৰিলে বোলে। আমি বন্ধুমহলে কথাটো শুনিয়েই অবাক। পিছত হে উৰহী গছৰ উৰ ওলাল বোলে সি হেনো সেইদিনা লান্সত ভাতৰ লগত কেঁচা পিয়াঁজ খাইছিল। তাৰ মুখত পিয়াঁজৰ গোন্ধ পাই বেচেৰীয়ে তাক বোলে বহুহুহুহুত ধনী মানুহ বুলি উপযাচি বিয়াৰ প্ৰস্তাৱ দি দিলে! হলি ঔমমম...শুনা কথাহে দেই ; সঁচা নে মিছা ময়ো ইমান এটা নিশ্চিত নহয়।
ৰাইজৰ পিয়াঁজ দিয়া ৰেচিপিবোৰ চাই চাই কিমান সেপ গিলিম আউ। তাতে গাওঁৰ ল'ৰা এটাই এদিনাখন পুৱাতে আহি ঘৰতে লাইশাক দুমুঠা দি গ'লহি। কোন বুৰ্বক ৰৈ থাকিব আউ। চিধাই গাহৈ অকণ আনিবলৈ বজাৰ পোনালো। জাঁজী আৰু দিখৌ নৈ যদি এৰিব নোৱাৰো তেন্তে লাই+গাহৈৰ জুতি কেনেকৈ এৰো বাউ।
এটিয়া আহো ৰেচিপিলৈ :
উপকৰণ:
- গাহৰি মাংস 300 গ্ৰাম
- মিঠাতেল নামমাত্ৰ বা এচামুচ
- নামমাত্ৰ হালধী
- এটা বিলাহী
- এক ইঞ্চি আদাৰ টুকুৰা
- পিয়াজ এটা
- লাইশাক দুমুঠা
প্ৰণালী
- প্ৰথমেই মাংসখিনি বিশমিনিট সময় ঢাকন দি অলপ সিদ্ধ কৰি টুকি ল'লো।
- কেৰাহীত নামমাত্ৰ মিঠাতেল গৰম কৰি টুকি থোৱা মাংসখিনি দি নিমখ,,হালধি,, মিহিকৈ কটা এটা বিলাহী যোগ কৰি ৭/৮ মিনিট ভাজিলো। হালধি একেবাৰে অকণমান দিছো।
- এতিয়া এক ইঞ্চি দীঘলীয়া কৈ কটা আদা আৰু এটা সৰু পিয়াঁজ দি লৰাই লৰাই ভাজি ঢাকন দিলো ১০ মিনিট।
- এতিয়া হাতেৰে মুচৰি দুমুঠা লাইশাক মাংসত দি ৭/৮ মিনিট পুনৰ হেতাৰে লৰফৰ কৰি থাকিলো। শাক দিয়াৰ পিছত ঢাকন নিদিব।
- বচ কাইটি মানুহ মাতা। গাহৈত দিয়া লাইশাকৰ আধা সিজা টুকুৰা অলপ শুকান ভাতত সানি মুখলৈ নিয়ক আৰু পূৰঠ কেঁচা জলকীয়া এটাত তৃপ্তিৰে কামোৰ মাৰক-- স্বৰ্গ সুখ ঐ স্বৰ্গ সুখ।
বি_দ্ৰ :: এইধৰণে ৰান্ধিলে কোনো মচলা ব্যৱহাৰ নকৰিব। এবাৰ এইধৰণেও খাই চাবচোন।
Comments
Post a Comment