Skip to main content

আলু পিটিকা : Aloo Pitika (Mashed potatoes recipe in Assamese)

Aloo Pitika 

আলু পিটিকা একেবাৰে সহজ এটি ৰেচিপি| আপোনাৰ যদি বনাবলৈ সময় নাই বা আপুনি যদি এজন অকলশৰে থকা পুৰুষ, তেনেহলে কথাই নাই, ভাততে আলু এটি দিয়ক আৰু তৃপ্তিৰে ভাত সাঁজ খাওঁক, নহয় জানো ? কিন্তু এই আলু পিটিকা যে কেৱল অসমীয়া সকলেহে খায় তেনে নহয়| ইংৰাজ বা আমেৰিকান সকলৰো প্ৰিয় এই আলু পিটিকা বা mashed potato. কিন্তু তেওঁলোকে বনোৱা আলু পিটিকা আৰু অসমীয়া আলু পিটিকাৰ মাজত পাৰ্থক্য আছে| ইংৰাজ বা আমেৰিকান সকলে বনোৱা আলু পিটিকাত মাখন বা বাটাৰ, গাখীৰ আৰু ক্ৰিম মিহলাই খায়| কিন্তু আমি অসমীয়া সকলে নিমখ, পিয়াজ, জলকীয়া আৰু মিঠাতেল দি সানি খাওঁ| আমাৰ দৰে বিহাৰী সকলেও আলু পিটিকা খায় আৰু তেওঁলোকে ইয়াক আলু চৌখা বুলি কয় |

অসমীয়া ৰন্ধন শৈলীত মিঠাতেলৰ ব্যবহাৰ অপৰিহায্য|  প্ৰত্যোক ৰন্ধন কাৰ্য্যতে মিঠাতেল ব্যৱহাৰ হয়| মিঠাতেল যিহেতু কেঁচাকৈয়ো খাব পাৰি, ইয়াক পিটিকা বা চাটনি আদিতো ব্যৱহাৰ কৰা হয়|

অসমীয়া আলু পিটিকাত সাধাৰনতে কেঁচা তেল আৰু  কেঁচা পিঁয়াজ দি বনোৱা হয়| কিন্তু কেঁচা পিঁয়াজ খোৱাৰ ফলত মূখ খন গোন্ধাব পাৰে |তাৰ উপৰিও কেঁচা নিমখ খোৱাতো স্বাস্থ্যৰ বাবে ভাল নহবও পাৰে| সেয়েহে মই আলু পিটিকা বনালে সাধাৰনতে এখন কেৰাহীত মিঠাতেল গৰম কৰি তাত কটা পিঁয়াজ আৰু প্ৰয়োজন অনুসৰি নিমখ দি ভাজি লওঁ আৰু সেই তেলতে আলু পিটিকা বনাওঁ |

আলু পিটিকাত ভোত জলকীয়া আচাৰৰ তেল দি খায়ো বৰ ভাল লাগে আৰু মই প্ৰায়ে তেনেকৈ খাওঁ| মোৰ এজন ফুডি ফ্ৰেন্দে তেল গৰম কৰি তাতে পাঁচ ফুৰন ভাজি, পিটিকাত দি খোৱাৰ কথা কৈছিল যদিওঁ মই এনেদৰে খোৱা নাই এতিয়াওঁ| যোৱা সপ্তাহত মই অকলে ভাত খাব লগা হল, মানে কেৱল মোৰ বাবে হে বনাব লগা হল | অকলে খাম যেতিয়া পাল মৰাৰে কথা| দিলো নহয় ভাততে আলু| পাল মাৰিম বুলি তেলত পিঁয়াজ নাভাজি কেঁচা পিয়াজে কাটিলো পিটিকাত দিবলৈ| কেৱল মই কেঁচা জলকীয়া নিদি শুকান জলকীয়া এটা পুৰি দিলো আৰু ঘৰৰে মান ধনীয়া কাটি দিলো| সম্পূৰ্ণ ৰেচিপি তলত দিলো |

আলু পিটিকা : Aloo Pitika (Mashed potatos recipe in Assamese) 


📎Course : এপেটাইজাৰ
📎Cuisine : অসমীয়া 
🔪Preparation Time : 5 মিনিট
♨Cooking Time : 10 মিনিট
🕞Total : 15 মিনিট
🍴Servings : 2

উপকৰন:

  • আলু দুটা (ডাঙৰ)
  • পিঁয়াজ এটা
  • শুকান জলকীয়া দুটা
  • মিঠাতেল 1 চামুচ
  • মান ধনিয়া দুখিলা
  • নিমখ প্ৰয়োজন অনুসৰি
প্ৰনালী:
  1. প্ৰথমতে এটা প্ৰেচাৰ কুকাৰত আলু দুটা উতলাই ললো (দুই বা তিনিটা হুইচেল দিলো)|
  2. পিঁয়াজ বাকলি গুচায় মিহিকৈ কাটি পাত্ৰ এটাত ললো|
  3. মান ধনিয়া কাটি ললো|
  4. শুকান জলকীয়া পুৰি পাত্ৰতোত কাটি ললো|
  5. এটিয়া আলুৰ বাকলি গুচায় পাত্ৰতোত পিটিকি ললো|
  6. প্ৰয়োজন অনুসৰি নিমখ দিলো|
  7. মিঠাতেল দিলো|
  8. এটিয়া সকলোখিনি ভালদৰে সানি ললো আৰু ভাতৰ লগত পৰিবেশন কৰিলো|

Comments

  1. I like such dishes, look yummy and it seems that it is easy to make it. A perfect choice if you are having unexpected guests.

    ReplyDelete

Post a Comment

Popular posts from this blog

List of Vegetables used in Assamese Cuisine with their English name.

List of Fruits found in Assam with their English Names

Kasuri Methi Chicken Curry | Chicken Curry Recipe With Dried Fenugreek Leaves

Green Tomato Pickle

Assamese Style Mati Mahor Dail | Black Gram with Papaya and Ginger Leaves

Iron-Rich fish curry with spinach

Difference Between Baking Powder and Baking Soda

Mamoi Tamul (Chrysalidocarpus lutescens)

SalemMango: Pure Buffalo Ghee and Pure Cow Ghee Review

Preserved Lemons With Salt | Nimokhot Diya Gul Nemu