Skip to main content

আলু পিটিকা : Aloo Pitika (Mashed potatoes recipe in Assamese)

Aloo Pitika 

আলু পিটিকা একেবাৰে সহজ এটি ৰেচিপি| আপোনাৰ যদি বনাবলৈ সময় নাই বা আপুনি যদি এজন অকলশৰে থকা পুৰুষ, তেনেহলে কথাই নাই, ভাততে আলু এটি দিয়ক আৰু তৃপ্তিৰে ভাত সাঁজ খাওঁক, নহয় জানো ? কিন্তু এই আলু পিটিকা যে কেৱল অসমীয়া সকলেহে খায় তেনে নহয়| ইংৰাজ বা আমেৰিকান সকলৰো প্ৰিয় এই আলু পিটিকা বা mashed potato. কিন্তু তেওঁলোকে বনোৱা আলু পিটিকা আৰু অসমীয়া আলু পিটিকাৰ মাজত পাৰ্থক্য আছে| ইংৰাজ বা আমেৰিকান সকলে বনোৱা আলু পিটিকাত মাখন বা বাটাৰ, গাখীৰ আৰু ক্ৰিম মিহলাই খায়| কিন্তু আমি অসমীয়া সকলে নিমখ, পিয়াজ, জলকীয়া আৰু মিঠাতেল দি সানি খাওঁ| আমাৰ দৰে বিহাৰী সকলেও আলু পিটিকা খায় আৰু তেওঁলোকে ইয়াক আলু চৌখা বুলি কয় |

অসমীয়া ৰন্ধন শৈলীত মিঠাতেলৰ ব্যবহাৰ অপৰিহায্য|  প্ৰত্যোক ৰন্ধন কাৰ্য্যতে মিঠাতেল ব্যৱহাৰ হয়| মিঠাতেল যিহেতু কেঁচাকৈয়ো খাব পাৰি, ইয়াক পিটিকা বা চাটনি আদিতো ব্যৱহাৰ কৰা হয়|

অসমীয়া আলু পিটিকাত সাধাৰনতে কেচা তেল আৰু  কেচা পিয়াজ দি বনোৱা হয়| কিন্তু কেচা পিয়াজ খোৱাৰ ফলত মূখ খন গোন্ধাব পাৰে |তাৰ উপৰিও কেচা নিমখ খোৱাতো স্বাস্থ্যৰ বাবে ভাল নহবও পাৰে| সেয়েহে মই আলু পিটিকা বনালে সাধাৰনতে এখন কেৰাহীত মিঠাতেল গৰম কৰি তাত কটা পিয়াজ আৰু প্ৰয়োজন অনুসৰি নিমখ দি ভাজি লওঁ আৰু সেই তেলতে আলু পিটিকা বনাওঁ |

আলু পিটিকাত ভোত জলকীয়া আচাৰৰ তেল দি খায়ো বৰ ভাল লাগে আৰু মই প্ৰায়ে তেনেকৈ খাওঁ| মোৰ এজন ফুডি ফ্ৰেন্দে তেল গৰম কৰি তাতে পাঁচ ফুৰন ভাজি, পিটিকাত দি খোৱাৰ কথা কৈছিল যদিওঁ মই এনেদৰে খোৱা নাই এতিয়াওঁ| যোৱা সপ্তাহত মই অকলে ভাত খাব লগা হল, মানে কেৱল মোৰ বাবে হে বনাব লগা হল | অকলে খাম যেতিয়া পাল মৰাৰে কথা| দিলো নহয় ভাততে আলু| পাল মাৰিম বুলি তেলত পিয়াজ নাভাজি কেচা পিয়াজে কাটিলো পিটিকাত দিবলৈ| কেৱল মই কেচা জলকীয়া নিদি শুকান জলকীয়া এটা পুৰি দিলো আৰু ঘৰৰে মান ধনীয়া কাটি দিলো| সম্পূৰ্ণ ৰেচিপি তলত দিলো |

আলু পিটিকা : Aloo Pitika (Mashed potatos recipe in Assamese) 


📎Course : এপেটাইজাৰ
📎Cuisine : অসমীয়া 
🔪Preparation Time : 5 মিনিট
♨Cooking Time : 10 মিনিট
🕞Total : 15 মিনিট
🍴Servings : 2

উপকৰন:

  • আলু দুটা (ডাঙৰ)
  • পিয়াজ এটা
  • শুকান জলকীয়া দুটা
  • মিঠাতেল 1 চামুচ
  • মান ধনিয়া দুখিলা
  • নিমখ প্ৰয়োজন অনুসৰি
প্ৰনালী:
  1. প্ৰথমতে এটা প্ৰেচাৰ কুকাৰত আলু দুটা উতলাই ললো (দুই বা তিনিটা হুইচেল দিলো)|
  2. পিয়াজ বাকলি গুচায় মিহিকৈ কাটি পাত্ৰ এটাত ললো|
  3. মান ধনিয়া কাটি ললো|
  4. শুকান জলকীয়া পুৰি পাত্ৰতোত কাটি ললো|
  5. এটিয়া আলুৰ বাকলি গুচায় পাত্ৰতোত পিটিকি ললো|
  6. প্ৰয়োজন অনুসৰি নিমখ দিলো|
  7. মিঠাতেল দিলো|
  8. এটিয়া সকলোখিনি ভালদৰে সানি ললো আৰু ভাতৰ লগত পৰিবেশন কৰিলো|

Comments

  1. I like such dishes, look yummy and it seems that it is easy to make it. A perfect choice if you are having unexpected guests.

    ReplyDelete

Post a Comment

Popular posts from this blog

লাইশাকৰ লগত গাহৰীৰ মাংস (Pork with Mustard Greens : Guest post by Aashish Gogoi)

নমস্কাৰ। মই আশীষ গগৈ। শিৱসাগৰ জিলাৰ নাজিৰাত মোৰ ঘৰ। মই সৰুসুৰা ব্যৱসায়ৰ দ্বাৰা বৰ্তমান নিজৰ জীৱিকা নিৰ্বাহ কৰি আছো। ৰন্ধাত চখ আছে। ৰান্ধি ভাল পাওঁ আৰু মানুহক খোৱাই ভাল পাওঁ। কিন্তু সেইবুলি খাই বৈ প্ৰশংসা নকৰিলে টিকিচকৈ খংটো উঠিয়েই আহে😂😂 সকলো পৰম্পৰাগত অসমীয়া ব্যঞ্জণেই মোৰ খুব প্ৰিয়। তথাপি আগস্থান দিওঁ সদায় বৰাহক। বৰাহৰ বিভিন্ন ব্যঞ্জণ ৰান্ধিবলৈ আৰু শিকিবলৈ মই সদায়েই আগ্ৰহী। লাইশাকৰ লগত বৰাহ বা গাহৰী মাংস মোৰ বৰ প্ৰিয় |

  কিছুদিনৰ আগৰ কথা। পিয়াঁজৰ মূল্যই তেতিয়া ১৫০/ টকা পৰ্যন্ত চুইছেগৈ। সেই পিয়াঁজৰ আকাশলংঘী মূল্যবৃদ্ধিৰ দিনতে ফেচবুকৰ বিভিন্ন খাদ্যগোট সমূহত বিভিন্ন সদস্যই বিভিন্ন প্ৰকাৰৰ ৰেচিপি আগবঢ়াই আছে। কোনোবাই যদি মাছ ৰান্ধিছে তেন্তে আন কোনোবাই ৰান্ধিছে মাংস। সকলোৱে তামাম পিয়াঁজৰ ব্যৱহাৰ কৰিছে নিজ নিজ ৰেচিপি সমূহত। আমাৰনো কি আউ ন'? তেওঁলোক ধনী মানুহ বাবে পিয়াঁজ খাইছে। আমিবোৰেটো তেতিয়া পিয়াঁজ বুলি কল্পনা কৰি লৈ মূলাকে চোবাই দিওঁ মাজে মাজে। বেছি প্ৰয়োজন হ'লে বাৰীতে ৰুই লোৱা পিয়াঁজৰ নলকে শুঙি থৈ আহোগৈ। তথাপি বজাৰত পিয়াঁজ দেখিলে সেইফালে চকুৰে নাচাৱেই পায়! ইমান দাম ঐ। গাজা নে …

বীটৰ তিনিবিধ ৰেচিপি ( 3 Recipes of Beetroot : Guest post by Nilakshi Bora)

Hi, my name is Nilakshi Bora.  I am a home cook and I stay in Guwahati.  Today I am going to share 3 different recipes where I used beetroot as an ingredient. 

Semolina (Suji) and Beetroot Barfi  বৰ্ফি (চুজিআৰুবীটৰেবনোৱা)


INGREDIENTS/উপকৰণ:

1 beetroot / এটা বীট1 cup semolina / চুজি একাপ1 cup sugar /চেনীএকাপ2 tbsp ghee or clarified butter / ঘিউ তিনিচামুচ 1/2 tbsp freshly ground cardamon /ইলাচী পাউদাৰ আধাচামুচ1 tbsp rose water / গোলাপজল এচামুচ 750 ml milk / গাখীৰ তিনিপোৱাFew raisins and almonds / খিছমিচ আৰু আলমন্দ কেইটামান

METHOD/প্ৰণালী:

Boil beetroot and make a paste /বীট সিজাই পেষ্ট বনাই লোৱা|In a non stick frying pan heat 1 tbsp ghee. Slightly fry raisins and almonds and keep aside. /  এটা ননষ্টিক পেন গৰমাই তাত ঘিউ এচামুচ দি খিছমিচ আৰু আলমন্দ কেইটা ভাজি নমাই থব |Again heat 1 tbsp ghee and roast semolina for 3 minutes. Keep aside. /   তাতে আৰু এচামুচ ঘিউ দি চুজিকাপ তিনিমিনিট ভাজি নমাই থব|Again heat 1 tbsp ghee.  Add beetroot paste and fry for 4 minutes. Then add dry fruits,  cardamon pow…

Rabri Recipe : Guest Post by Rohan Sahu

Hi everyone.... this is Rohan. By profession I am a teacher. Apart from my teaching career, my passion is cooking and tasting variety of cuisines and recipes. I always try to make new dishes. Recently I launched my YouTube cooking channel : Rohan's Kitchen to share my various recipes. In this guest post I am going to share homemade rabri recipe. Rabri is basically a sweet dish made from milk and flavoured with dry fruits, cardamon and saffron. If you like this recipe don't forget to subscribe to my YouTube channel for more such tasty recipes.

To visit and subscribe my YouTube channel click here > https://www.youtube.com/channel/UCgGOH2E36Zypi-3mCMTBKTg

Rabri Recipe :
📎Course : Dessert  📎Cuisine : Indian

INGREDIENTS: Milk (গাখীৰ): 1 litre (১ লিটাৰ)Cardamon (ইলাচি): 7/8 (৭/৮ ডুখৰ)Cashew nuts (কাজু):10-15 (১০- ১৫টা মান)Almond (আলমণ্ড): 7/8 (৭/৮ ডুখৰ)Sugar (চেনি): 1/2 cup (১/২ কাপ)Saffron (কেশৰ) : pinch (১০ মান)METHOD:

Ground the cashew nuts  and cardamon.Heat a nonstick pan. Add…

30 Assamese Pitika Recipes

Pitika is an Assamese word which means mashed. Pitika dishes are very popular in Assam. It is a side dish and a signature recipe of Assamese cuisine. Assamese people love to eat vegetables by mashing them with chopped onion, chilli and mustard oil after boiling or smoking/grilling them. Its taste is very pure. Sometimes raw onion is used and sometimes fried onion is used in these recepies. We use mustard oil for all purposes as it can also be consumed  as raw. Pickled chilli or pickled bhut jolokia adds more taste to these dishes. These pitika recipes are great appetizer and generally takes very less time to prepare. Here I am going to share 30 simple pitika recipies.
30 Assamese Pitika Recipes :
1. Aloo pitika | Mashed potatoes

Ingredients:
2 potatoes1 small onion chopped2 green chillies choppedGreen coriander leaves chopped1 tbsp mustard oilSalt to taste
Method:

Boil potatoes. Peel the skin and mash it in a bowl. Add the other ingredients and mix well. Instead of raw onion, fried choppe…

ফুড ব্লগ এটা কিদৰে খুলিব (How to Start a Food Blog)

ফেচবুকত বিভিন্ন খাদ্য গোট বোৰ বাঢ়িছে আৰু লগতে বাঢ়িছে ধুনিয়া ধুনিয়া খাদ্যৰ ফটো আৰু ৰেচিপি সমূহ|অসমত টেলেণ্টৰ অভাৱ নাই বুলি কথা এষাৰ প্ৰায়ে শুনা যায়| সকলো ক্ষেত্ৰতে অসমীয়া সকল আগবাঢ়িছে যদিও ফুড ব্লগিংৰ ক্ষেত্ৰত সংখ্য একেবাৰে নগন্য| ইয়াৰ বিপৰীতে খাদ্য আৰু ৰেচিপি সম্বন্ধীয় ইউটিউবাৰৰ সংখ্যা বহুত বাঢ়িছে| ইউটিউবত ভিডিয়ৰ দ্বাৰা ৰেচিপি এটা প্ৰদৰ্শন কৰা হয় কিন্তু যি সকলৰ ফুড ফটোগ্ৰাফীৰ ওপৰত ৰুচি আছে, তেওঁলোকৰ বাবে ব্লগিং এটা উত্তম মাধ্যম| ইয়াৰ উপৰিও বহুতে ৰেচিপি এটাৰ ভিডিঅ চোৱাতকৈ ৰেচিপি পঢ়ি ভাল পায়| তেনে ক্ষেত্ৰত অসমীয়াত ৰেচিপি বিচাৰি গুগলত চাৰ্চ কৰিলে দেখা যায় যে অসমীয়া ফুড ব্লগৰ সংখ্যা তেনেই নগন্য| এই ক্ষেত্ৰত ফুড ব্লগ এটা কিদৰে খুলিব লাগে বহুতে নাজানিবও পাৰে| সেয়েহে মই কেইটিমান ব্লগ পষ্টৰ  জৰিয়তে ফুড ব্লগ এটা কিদৰে খুলিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম|ফুড ব্লগ এটা খোলাৰ আগতে আমি প্ৰথমে জানি লব লাগিব ফুড ব্লগ মানে কি ? সেয়েহে মোৰ প্ৰথম পষ্ট টোত আজি ফুড ব্লগ আৰু ব্লগিং নো কি হয়, সেই বিষয়ে আলোচনা কৰিম|

ব্লগ মানে কি ?

ব্লগ (blog) হৈছে  ইংৰাজী weblog  ৰ সংক্ষিপ্ত শব্দ| ব্লগ হৈছে এক ধৰনৰ অনলাইন …

Assamese Anguli Pitha Recipe

Anguli pitha is a finger shaped recipe made from rice flour.  The Assamese word 'anguli' means fingers and 'pitha' is a type of rice cake. It's an Assamese style recipe that can be served as breakfast(jolpan) or as a snack with the evening cup of tea.

The recipe anguli pitha requires little time to prepare.  As today is Sunday, a holiday, I decided to prepare this recipe for breakfast. It's a very simple and less spicy recipe. This recipe that I am going to share is a salty one but there is one sweeter version of this anguli pitha recipe, which I will share some other day. The type of rice that I am using is called 'lahi chawl' in Assamese which I received from my maternal uncle who is a farmer and he grows rice on his own paddy field. You can use any other type of rice also.  You can also use ready-made rice flour available in the market.  But I preferred to make it myself and therefore I soaked 1 cup of rice on Saturday night to prepare anguli pitha.

Gajar Ka Halwa | Carrot Halwa Recipe

Gajar ka Halwa is a popular dessert across India. It is made by simmering grated carrots in milk flavoured with cardamon and dry fruits. As carrots are fully available during winter, so it's a winter dessert.  Carrot halwa is made specially during Indian festivals. 

Gajar Ka Halwa | Carrot Halwa Recipe 
📎Course : Dessert  📎Cuisine : Indian 🔪Preparation Time : 15 minutes ♨Cooking Time : 1 hour
🕞Total : 1 hour 15 minutes
INGREDIENTS:

1/2 Kg carrot 2 cups of  milk 2-3 tbsp ghee or clarified butter 1/2 tbsp freshly ground cardamon 1 cups of sugar Ground cashew nuts and almonds
METHOD: Wash carrots under running water. Peel the carrots. Now grate the carrots with the help of a hand grater. In a heavy bottomed pan heat ghee. Add grated carrots. Fry till oil separates. Add milk, sugar and cardamon powder. Mix everything well and cook under medium heat. Stir occasionally. Cook until milk evaporates completely. Add cashew nuts and almonds. Remove from heat and serve hot or cold as you like.

SalemMango: Pure Buffalo Ghee and Pure Cow Ghee Review

At a Glance:

salemmango.com is well known for its mango supply. It's an online company which supply naturally ripend, chemical-free, hand picked mangoes directly to their customers through online order. Besides mangoes the company also supply some organic products like sugar, jaggery,  dairy, honey etc. The company delivers accross India within 5-7 business days and free delivery across Tamil Nadu.

An introduction to SalemMango Pure Buffalo Ghee & Pure Cow Ghee:

● SalemMango Pure Buffalo Ghee & Pure Cow Ghee are prepared using traditional methods by the villagers without using any machineries or adultrate.

● SalemMango ghee are made with 100% organic butter acquired from grass fed buffalos and cows.

● The cost of Pure Buffalo Ghee is Rs. 250 (per 250 gms). But the company Is offering  Rs. 189 (per 250 gms).

MY REVIEW:

Ghee is used as a cooking medium in India since time immemorial. Pure cow ghee is used in Havan ( Homa) , as it is the important ingredient of havan. I started…

Homemade Sweet and Salty Cookies

Homemade sweet and salty cookies are very easy to prepare. You can make these delicious cookies with or without using oven. I have added cumin in these cookies. So, you can also called these cookies as cumin cookies. Serve these cookies in the morning or evening with a cup of tea.
Homemade Sweet and Salty Cookies 
🔪Preparation Time : 15 minutes ♨Cooking Time : 30 minutes
🕞Total :  45 minutes

INGREDIENTS:

1 cup Maida or all purpose flour 1/2 cup pure coconut oil or any refined oil 1 tsp roasted cumin or jeera 1/2 tsp salt 1/4 cup sugar 
METHOD: In a large bowl take flour, salt, sugar and cumin. Mix well. Now add pure coconut oil and make a soft dough. If you are using oven, preheat oven at 180 degree and line a baking tray with butter paper. Take a small part of dough and shape them in cookies and place them on backing tray. If you are making these cookies on gas stove then place an empty heavy bottomed pan on gas stove. Take a large steel plate and spread some oil in it and place the cookie…

How To Make potato Gnocchi (Gnocchi De Patate) At Home

Gnocchi (pronounced as nyoki) are a variety of pasta originating from Italy.  Potato Gnocchi (Gnocchi de patate) are like small and soft dumplings made from potato, flour and egg. You can buy potato gnocchi from the market but it's actually very easy to make at home.  Here is a step by step guide with photographs about how to make potato gnocchi at home. 
How To Make potato Gnocchi (Gnocchi De Patate)  At Home 
📎Cuisine : Italian  🔪Preparation Time : 45 minutes ♨Cooking Time : 15 minutes 🕞Total : 1 hour


INGREDIENTS:

5 medium sized potatoes 1 egg2 cups of flour (maida) Salt METHOD: Boil potatoes in salty water. Peel potatoes. In a large bowl, mash the potatoes with the help of a fork or potato masher. Add egg and mix well with the mashed potatoes. Now add flour. Make a nice dough. Add more flour if required and knead the dough properly until form a ball. Divide the dough into 8 equal parts. Roll each parts into long and thin shape.  With the help of a knife cut into small pieces. Mark e…