Skip to main content

Cooking YouTube Channels from Assam you should follow :Part 5


তলাবন্ধ সময়ছোৱাতে দেখা গল যে খাদ্য বিষয়ৰ ইউটিউব চেনেলৰ সংখ্যা বহুত বাঢ়িব ধৰিছে, যিটো সচাঁই বৰ ভাল কথা | ইউটিউব এটি বিনামূলীয়া ভিডিঅ ভাগবতৰা কৰা মঞ্চ যৰ পৰা অৰ্থও উপাৰ্জন কৰিব পাৰি | কিন্তু অৰ্থ উপাৰ্জন কৰিবলৈ ইউটিউব চেনেলটো গুগল এডচেঞ্চৰ লগত জঢ়িত কৰাতো প্ৰয়োজন| ইউটিউব চেনেলত গুগল এডচেঞ্চৰ দ্বাৰা বিজ্ঞাপনৰ যোগেদি অৰ্থ উপাৰ্জন কৰিবলৈ অতিকমেও এহেজাৰ চাবচক্ৰাইবাৰ আৰু চাৰিহাজাৰ ঘণ্টাৰ ভিউ(view)ৰ প্ৰয়োজন|

এই চিৰিজটোৰ আগৰ পষ্ট কেইটাৰ জৰিয়তে অসমৰ কেইটিমান খাদ্য ইউটিউব চেনেলৰ লগত চিনাকী কৰি দিছিলো | আজিৰ এই পষ্টৰ জৰিয়তে আৰু চাৰিটা তেনে ইউটিউব চেনেলৰ লগত চিনাকী হওঁ আহক|

*আগৰ পষ্ট বোৰ পঢ়িব বিছাৰিলে তলৰ লিংক কেইটা ক্লিক কৰিব:

Cooking youtube channels from Assam you should follow : part 4

Cooking youtube channels from Assam you should follow : part 3

Cooking youtube channels from Assam you should follow : part 2

Cooking youtube channels from Assam you should follow : part 1


1. Ranjana's Kitchen : (ৰঞ্জনাচ্ কিটচেন)




ৰঞ্জনাচ্ কিটচেন ইউটিউব চেনেলৰ জন্মদাত্ৰীৰ নাম ৰঞ্জনা নাথ ।তৈল নগৰী ডিগবৈৰ জীয়ৰী নগাঁৱৰ বোৱাৰী যদিও স্বামীৰ কৰ্মসূত্ৰে জন্মস্থানতেই মানে ডিগবৈতে জীৱনৰ আধা খিনি সময় পাৰ কৰে । বৰ্তমান তেওঁৰ পৰিয়ালত দুজন ল'ৰা আৰু বোৱাৰী । তেখেতৰ স্বামী ঢোকোৱা দহ বছৰেই হ'ল আৰু এতিয়া ল'ৰাৰ চাকৰি সূত্ৰে বঙাইগাঁওত নিজৰ ভালপোৱা কামবোৰৰ সৈতে ব্যস্ত হৈ থাকে।

তেখেতৰ ভালপোৱা কামৰ ভিতৰত যি কোনো ধৰণৰ কাৰ্ড বনোৱা, পেলনীয়া সামগ্ৰীৰ সৎ ব্যৱহাৰ আৰু অসমীয়া ডিজাইনত জোৰোণৰ সামগ্ৰী পেকিং কৰা ইত্যাদি । লগতে flower arrangement  অকণমান তেখেতৰ ৰাপ আছে এনেধৰণৰ প্ৰতিযোগিতাত অংশ লৈ পুৰষ্কাৰ বুটলিবলৈও সক্ষম হৈছে । ইয়াৰ উপৰিও তেখেতৰ কবিতা বহু কাকত আলোচনীত বহুবাৰ প্ৰকাশো পাইছে লগতে কবিসমাৰোহত ভাগ লোৱাৰো তেখেতৰ অভিজ্ঞতা আছে|

ইউটিউব খুলাৰ বিষয়ে তেওঁ কয় "ৰন্ধা বঢ়াৰ চখটো কম বয়সৰ পৰাই আছিল কিন্তু নভবাকৈয়ে এদিন YouTube জগতত খোজ পেলাইছিলো । বনাই খোৱাই ভাল পাওঁ যদিও নিজৰ খোৱাত একেবাৰেই ৰাপ নাই । তথাপিও আলু পিটিকা সদায়েই প্ৰিয় মোৰ ।" অসমীয়া মহিলা সকলৰ জনপ্ৰিয় আলোচনী বিচ্ছুৰিত বৰ্ণালীত বহুবাৰ তেখেতৰ ৰেচিপি প্ৰকাশ পাইছে |তেখেতৰ ইউটিউব চেনেলতো বহু ধৰনৰ ৰেচিপি ভিদিঅ আছে আৰু তেখেতে সদায় সহজ ভাবে প্ৰতিটো ভিডিঅ প্ৰকাশ কৰিছে| আমি তেখেতৰ ইউটিউব চেনেলটোৰ সফলতা কামনা কৰিছো |

2. Priya Sen's Kitchen (প্ৰিয়া সেন'চ্ কিটচেন)





প্ৰিয়া সেন'চ্ কিটচেনচৰ জন্নদাত্ৰী হৈছে প্ৰিয়া সেন |
তেওঁ জাগীৰোড ৰ ছোৱালী আৰু গুৱাহাটীৰ বোৱাৰী|
তেখেতৰ দেউতাকৰ অসুস্থতাৰ বাবে তেখেতক সোনকালে বিয়া দিয়ে  কাৰন তেখেত ঘৰৰ ডাঙৰ ছোৱালী আছিল আৰু তেখেতৰ তলত ভাইটি আৰু সৰু ভন্টি আছিল ।মেট্ৰিক দিয়াৰ পিছতেই ১৮ বছৰ বয়সতে বিয়া হয় 1992 চনত প্ৰথমে তেওঁ ৰান্ধিব জনা নাছিল যদিও খুব ৰান্ধিবলৈ আগ্ৰহী আছিল আৰু টিভি চেনেল বোৰত ৰেচিপি চাই ডায়েৰিত লিখি ৰাখিছিল । তেখেতৰ শাহুয়েকে খুব ধুনীয়াকৈ বনাইছিল আৰু লাহে লাহে তেওঁ খাদ্য বনাবলৈ শিকে । তেওঁৰ ধুনিয়া ধুনিয়া ৰেচিপি সমূহ বিভিন্ন খাদ্য গোটত দিয়ে আৰু বহু সমাদৰো লাভ কৰে|প্ৰায়  এমাহ মান আগত তেওঁ ইউটিউব চেনেলটো খুলে | তেওঁ নতুন নতুন ৰেচিপি বনাই ভাল পায় লগতে আনক খুৱাই ও ভাল পায়| হবি হিচাপে গান শুনি ভাল আৰু বিভিন্ন ধৰণৰ হাতৰ কাম কৰিও ভাল পায়| তেওঁ সুন্দৰ কেক বনায় আৰু লগতে  কেকৰ অৰ্ডাৰ লয় আৰু কেকৰ কুকিং ক্লাচো কৰে|
 টীক টক কৰি তেওঁ খুব ভাল পায় আৰু লগতে হাঁহি ফূৰ্তিত থাকি ভাল পোৱা প্ৰিয়া সেন বা মোৰো ব্যক্তিগত ভাবে খোব প্ৰিয়|বৰ্তমান তেওঁ একমাত্ৰ ছোৱালীযে পিএইচডি কৰি আছে পলিটিকেল চাইন্স ৰ ওপৰত আৰু একমাত্ৰ লৰাই বিজনেছ কৰি আছে দেউতাক ৰ লগতে| তেখেতৰ চেনেলটোৰ সফলতাৰ কামনা কৰিলো |

3. JUHAL the assamese kitchen (জুহাল দা আচামিচ কিটচেন)



জুহাল দা আচামিচ কিটচেনৰ জন্মদাত্ৰী নাম ময়ুৰীমা বৰা(ৰিম্পী কাস্যপ)। বিশ্বনাথ জিলাৰ চতিয়াৰ বাসিন্দা আৰু বৰ্তমান আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় ৰ পৰা Mathematics ত M. sc. কৰি আছে। খাদ্য বনোৱাতো তেওঁৰ হবী ।সেয়েহে  JUHAL_The Assamese kitchen বুলি YouTube চেনেল এটা খুলে। একেবাৰে নতুন এই ইউটিউবাৰ গৰাকীৰ ভবিষ্যত উজ্জল হোৱাৰ কামনা কৰিছো |

4. Rimpi's Kitchen (ৰিম্পীৰ কিটচেন)



ৰিম্পীৰ কিটচেনৰ জন্মদাত্ৰী ৰিতা সৰকাৰ দত্ত| খাদ্য বনোৱা হবী হোৱাৰ বাবে তেওঁ ইউটিউব চেনেলটো খুলে| একেবাৰে নতুন চেনেল যদিওঁ প্ৰায় 30 টাতকৈ অধিক ৰেচিপিৰ ভিডিঅ আছে তেওঁৰ চেনেলত | তেওঁ চেনেলটোৰ সফলতাৰ কামনা কৰিলো |


Comments

Post a Comment